Back

আমাৰ কপালতে

জয়ন্ত হাজৰিকা
January 8, 2020 · 3,159 views

আমাৰ কপালতে

ৰঙা সেন্দুৰেৰে

তিলক আঁকি দিয়া

ডাৱৰ ফালি ৰং মেলালৈ যাওঁ ।

অ’ চোৱা ৰঙা বেলি

ৰঙা এপাহি পাখি মেলি

অ’ চোৱা ৰঙা বেলি

ৰঙা এপাহি পাখী মেলি

জিলিঙনি জিলিমিলি

মন আমাৰ খেলি মেলি

জিলিঙনি জিলিমিলি

মন আমাৰ খেলি মেলি

হেঁপাহ গুচাই ৰংৰ মেলা চাওঁ

অ’ আই হেঁপাহ গুচাই ৰংৰ মেলা চাওঁ ।

অ’ ... আ ...

আমাৰ চকুত জ্বলে চোৱা

হেঙুলীয়া ৰাতিপুৱা

আমাৰ চকুত জ্বলে চোৱা

হেঙুলীয়া ৰাতিপুৱা

আই অ’ আই সেন্দুৰীয়া

ফোঁট এটি আঁকি দিয়া

আই অ’ আই সেন্দুৰীয়া

ফোঁট এটি আঁকি দিয়া

মন ঢালি ৰংৰ গান গাওঁ

অ’ আই মন ঢালি ৰংৰ গান গাওঁ ।।