Back

আমি চৰাইবাহী

মিণ্টু কুমাৰ নাথ June 27, 2019 3,186 views

আমি চৰাইবাহী নিকেতনৰ

জ্ঞান জ্যোতিৰ ৰেঙণি

আছে আশা অলেখ অনন্ত

ৰাখিম মান জননীৰ

দশোদিশ পোহৰাই ৰাখিম মান

অসম অসমীয়াৰ চানেকিৰে

আমি চৰাইবাহী নিকেতনৰ

জ্ঞান জ্যোতিৰ ৰেঙণি

জ্ঞান জ্যোতিৰ ৰেঙণি ...

 

বহু আশা বুকুত বান্ধি

পোৱাৰ সুৰুযৰ ৰাঙলীৰে

ৰং তুলিকাৰ বুলনিতে

আঁকি যাম চানেকি জীৱনৰে

ফুল হৈ ফুলি ৰ'ম পাহি সুগন্ধি

জোনাকৰ দলিচাতে

সৌ আকাশতে

তৰাৰ তৰালিৰে

সৌ আকাশতে ।

 

আমি চৰাইবাহী নিকেতনৰ

জ্ঞান জ্যোতিৰ ৰেঙণি

আছে আশা অলেখ অনন্ত

ৰাখিম মান জাননীৰ ...