Back

আলো ভাই গোকুলে

শ্ৰীমন্ত মাধৱদেৱ April 9, 2019 3,940 views

ধ্ৰুং ।।

আলো ভাই গোকুলে আনন্দ জয় জয়

মিলিছে পৰম মহোদয় ।।

 

পদ ।।

যিটো নিগমেৰ গুপ্ত বিত্ত ।

হেন হৰি গোকুলে বিদিত ।।

শুনিতে কৌতুক অনুপাম ।

ব্ৰক্ষ্মেৰ বৰণ ঘনশ্যাম ।।

পৰমাত্মা যিটো লক্ষ্মীপতি ।

হুয়া আছে গোপেৰ সঙ্গতি ।।

মিলিছে বৈকুণ্ঠ মহোত্‍সৱ ।

সদায়ে আনন্দ হৰি ৰব ।।

গোকুলেৰ ভাগ্যেৰ মহিমা ।

কেবা কহি কৰিবেক সীমা ।।

কহয় মাধৱ মুঢ় মতি ।

হৰি পাদপদ্মে মোৰ গতি ।।