Back

আহে বা নাহে

জুবিন গাৰ্গ জুবিন গাৰ্গ
2000 · February 7, 2016 · 3,420 views
সুৰ: জুবিন গাৰ্গ কথা: দিগন্ত ভাৰতী এলবাম: পাখি
Watch on YouTube

আহে বা নাহে ঘুমটি
আহিবা ৰাতি
সপোনকে লৈ, সপোনকে লৈ
থাকে বা নাথাকে
শাওনৰে ঢল তুমি
মৰমৰে নৈ, মৰমৰে নৈ
দুপাখি মেলি
সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ
তুমি ৰোৱা যেন মোলৈ ৰৈ ।

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিটি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা
মোৰ হিয়াতে ৰৈ ।

জুৰে বা নুজুৰে বান্ধি লওঁ
কিনো মৰমৰে এনাজৰীকে পাওঁ
জুৰে বা নুজুৰে বান্ধি লওঁ
কিনো মৰমৰে এনাজৰীকে পাওঁ
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলি
তুমি ৰঙেৰে চৈ ।।