Back

উটি যা ৰূপালী নাও

বিষ্ণুপ্ৰসাদ ৰাভা
November 6, 2015 · 1,426 views

উটি যা ৰূপালী নাও

উটি যা উটি যা ৰূপালী নাও

জুৰকৈ বা জুৰকৈ বা

অ’ মোৰ পছোৱা মলয়া বা ।

দেখি তোৰ শুকুলা পাল

হিয়া মোৰ মাৰে নিতাল

শুনি তোৰ মৃদুল সুৰ

সিয়ৰি উঠে মোৰ গা

লুইতৰ বুকুৰে ঢল

নাচি কৰে কলমল

গাই গৈ কল কল

তোলে সুমধুৰ ৰাগ ।।