Back

উমি উমি জ্বলিছা

জুবিন গাৰ্গ
October 12, 2016 · 1,323 views

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

চিনাকি চিনাকি দুচকুৰে হাঁহি

বোৱালা প্ৰেমৰে নদী

বুকুতে যে আহি

বিয়পিব দিয়া তেজত

আশাৰে বুলনি

সুখে দুখে হোৱাহি মোৰ

জীৱনৰ জুৰণি ।

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।

দুহাতে সাবটি

কৰিছা বাউলি

কিনো মৰমেৰে মধু

দিছা আহি বাকি

প্ৰেৰণাৰে ফুল তুমি

জীৱনৰ ফুলনি

দিন ৰাতি প্ৰতিটো পল

তুমি গুণগুণনি ।

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

কিযে বৰণীয়া

উলাহৰে ৰাগী লাগি

উৰে উতনুৱা মোৰ মন

উমি উমি জ্বলিছা

কামনাৰে শলিতা

সপোনৰে কবিতা

তুমি জিউ মোৰ ।