Back

উলাহে আনো আগবাঢ়ি

বিষ্ণুপ্ৰসাদ ৰাভা
January 18, 2021 · 1,765 views

উলাহে আনো আগবাঢ়ি

হালি জালি নাচি বাগি

আদৰি তোলোঁ অমিয়া মাত

তোৰ পৰশে মেলোঁ পাহি

ফুল পাৰিজাত ।

হাঁহিৰ বোলে আমোল মোলে

সুৰভি বোলে

বুলাই ধুনীয়া সৰগৰ

সোণামুৱা গাত ।।