Back

উলাহেৰে নাচি বাগি

বিষ্ণুপ্ৰসাদ ৰাভা September 2, 2017 2,218 views

উলাহেৰে নাচি বাগি

হ’লি বিয়াকুল

তালে তালে হালি জালি

কৰিলি আকুল ।

গালতে তই বোলোৱালি

সেন্দুৰীয়া বোল

কাণতে তই আঁৰি ল’লি

সোণোৱালী দুল ।

খোপাতে তই গুজি ল’লি

ৰূপৰ কপৌ ফুল

ছেঁৱে ছেঁৱে হালি জালি

কৰিলি আকুল

কৰিলি বিভোল ।।