Back

উৰ অভ্ৰভেদী উৰ

জ্যোতিপ্ৰসাদ আগৰৱালা
September 5, 2015 · 2,669 views

উৰ উৰ উৰ উৰ

অভ্ৰভেদী উৰ

নীল আকাশত উৰ, তৰাৰ মাজত উৰ

সবাৰে ওপৰে উৰ

অ’ মোৰ

তিনিবৰণীয়া ভাৰতৰে পতাকা ।

আলোকি বিমান

উৰ অ’ মোৰ ভাৰতৰে বিজয় নিচান ।

সত্যৰ আলোকেৰে দিগন্ত উজলি

অহিংস শান্তিৰ বাণী প্ৰচাৰি মহান

সূৰুযৰ দৰে দীপ্তিমান

বজ্ৰমুঠিৰ বান্ধে তোমাক প্ৰণামিছোঁ

পণ কৰি প্ৰাণ

অ’ মোৰ ভাৰতৰে নিচান ।

অগ্নিৰ মন্ত্ৰেৰে আৰাধিলোঁ ইষ্টদেৱ

শক্তিৰ সন্তান আমি নাহোঁ আৰু কেও

অজেয় সৰবদলী

আত্মশক্তিমান

লক্ষ্য মোৰ অব্যৰ্থ সন্ধান

উৰ অ’ মোৰ ভাৰতৰ বিজয় নিচান ।।