Back

এই কপালত

দিপেন বৰুৱা
July 5, 2016 · 3,209 views

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি ..

অ’... নিঠৰুৱা এই বাটে তই

ওলালি কলৈ বুলি ?

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি ...

এই সমাজৰ ৰঙীন সাজৰ

মাজত কিমান যে ভুৱা !

মিছা ! মিছা ! এই মৌসনা মাত

মিছাতেই ভোল যোৱা ।

অ’... দিন দুপৰীয়া চাই থাকোতেই

মাৰিব চকুত ধূলি

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি ...

আই উভতি একো নেদেখ

আগলৈ ও একো নাই !

মাজত মাথোঁ পূৰ্ণ কৰা

বাট পৰি আছে হায় !

অ’... বাটৰুৱা বাটটোকে ল’

শেষৰ সমল বুলি !

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি ...

অ’... নিঠৰুৱা এই বাটে তই

ওলালি কলৈ বুলি ?

এই কপালত তুলি ললি

আইৰ পাৱৰ ধূলি ... ।।