Back

এই ধৰণীৰ

বিষ্ণুপ্ৰসাদ ৰাভা October 12, 2020 1,312 views

এই ধৰণীৰ

চিৰ মুকুতিৰ

ৰণ নিৰ্ভয়ে দিম;

কৰি আমৰণ

জীৱনৰ পণ

আমি মিলি যুঁজ দিম ।

 

ডৰ ভয় নকৰিবি

পাছ পিছ নপৰিবি

দোপে দোপে খোপে খোপে আগুৱাই

আগবাঢ়ো আহ ব’ল

একেলগে মিলি একেছিপে গই ভাঙো শতৰুৰ বল ।

কৰি আমৰণ

জীৱনৰ পণ

আমি মিলি যুঁজ দিম ।

 

দুখৰ কলিয়া আকাশত

নতুন সূৰুযে দিয়ে দেখা

ৰাঙলী বেলিৰ পোহৰত

দেখোঁ মুকুতিৰ পথ ৰেখা ।

সেই পটিয়েদি গ’লে আগুৱাই

দলিতৰ হ’ব জয়

বিজয় নিচান দিম উৰুৱাই

পুৰণিৰ হ’ব ক্ষয়

কৰি আমৰণ

জীৱনৰ পণ

আমি মিলি যুঁজ দিম ।।