Back

এইটো প্ৰহৰ শূন্য প্ৰহৰ

নিৰ্মলপ্ৰভা বৰদলৈ
November 12, 2020 · 2,249 views

এইটো প্ৰহৰ শূন্য প্ৰহৰ

শীৰ্ণ শূন্য হাত

সঙ্কট আজি প্ৰতি পদে পদে

ধুঁৱলি কুঁৱলি বাট ।

কেৱল জ্বলিছে চকুত এতিয়া

তীখা তীক্ষ্ণ জ্যোতি

সেই পোহৰতে যাম আগবাঢ়ি

ক্লান্ত নকৰি গতি

দীৰ্ঘ পথৰ শেষত পামেই

হেৰোৱা পথৰ আঁত

সঙ্কট আজি প্ৰতি পদে পদে

ধুঁৱলি কুঁৱলি বাট ।

পথ দুৰ্গম আমি অগণন

চূৰ্ণ কৰিম বাধা

নতুন দিনৰ সৃষ্টি কৰিম

নাই নাই একো দ্বিধা

শূন্য যদিও দুহাত আমাৰ

শূন্য নহয় মন

দীৰ্ঘ পথৰ শেষত পামেই

হেৰোৱা পথৰ আঁত

এইটো প্ৰহৰ শূন্য প্ৰহৰ ।