Back

একো নাই, শূন্য হায়

নিৰ্মলপ্ৰভা বৰদলৈ
October 10, 2014 · 1,379 views

একো নাই, শূন্য হায়

জুইত জ্বলিল, ৰ’দত পুৰিল

শ্যামল বৰণ, কোমল জীৱন

যুগৰ জীৱন, ক’ত যৌৱন

দুহাততে একো নাই

আকাশতে ছাঁয়া নাই

প্ৰাণৰ মৰম, মাটিৰ মৰম

হেৰাল ক’তে লুকাল ক’তে

একো নাই, শূন্য হায় ।

কিয় নাই, আজি নাই

এদিনটো আছিল, সকলো আছিল

জীৱনৰ ৰং, বিয়পি আছিল

কিয় আজি হায়, ক’তো পথ নাই

একো নাই, শূন্য হায় ।

কি কৰিম, মাথো কান্দিম

ভঙা কাঁচ মাথো, গচকি ফুৰিম

জ্বলিবৰ হ’লে, জ্বলায়ে যাম

আমাৰ জুইৰে, বাট উজলাম

কোনটো বাট, আমি দেখুৱাম

জীৱনৰ বাট, আমিয়েই চিনাম ।।