Back

এখন নেদেখা নদীৰ

দিপেন বৰুৱা
July 8, 2016 · 4,200 views

এখন নেদেখা

নদীৰ সিপাৰে

ফুলিছে হাঁহিৰ

শেৱালি,

মই চাই থাকোঁ

ইপাৰৰ পৰা

নোৱাৰোঁ আনিব

বুটলি ।

সপোন সূতাৰে

গাঁথিব নোৱাৰি

দিঠক ফুলৰ মালা

আশাৰ ফুলৰ

বনত কেৱল

ফুলৰ ভুলৰ খেলা ।

মোৰ পদূলিতে

এন্ধাৰে ভৰা

দূৰত দেখিছোঁ

শেৱালি

এখন নেদেখা

নদীৰ সিপাৰে ।

আজি পাৰ হৈ

দেখিলোঁ এন্ধাৰ

প্ৰদীপ উঠে যে জ্বলি,

ফুলৰ ৰেণুৰ

লগত মিহলি

দূৰণি বাটৰ ধূলি ।

চিনাকী সুৰভিত

বিচাৰি বিচাৰি

মিছাতে আছা

ধিয়াই

এখন নেদেখা

নদীৰ সিপাৰে

ফুলিছে হাঁহিৰ

শেৱালি

মই চাই থাকোঁ

ইপাৰৰপৰা

নোৱাৰোঁ আনিব

বুটলি ।।