Back

এটোপি চকুলো

বিষ্ণুপ্ৰসাদ ৰাভা November 7, 2015 4,950 views

এটোপি চকুলো মোৰ যে কেৱল

সেয়ে মোৰ তাজমহল

প্ৰণয়ৰে ভৰা, বেদনাৰে গঁথা

শান্‌ত চিৰ উজ্বল

বিৰহ নৈৰ পাৰতে

প্ৰেম শালিলে বুকুতে

গঢ়িলোঁ যতনে চকুপানী সানি

স্নিগ্ধ স্মৃতিৰ দেউল ।

 

বাদচাহৰ যে এজনীহে তাজ

মোৰ যে প্ৰিয়াত শত মমতাজ

আছিল যে তাই ফুল পাৰিজাত

হৃদয়ৰ শতদল ।

 

কবি যদি হয় চাহ-চাজাহান

ময়ো যে কবি দীন সু-মহান

শিলৰ কবিতা নহয় মোৰ দান

এটুপি লোহে কেৱল

সেয়ে মোৰ তাজমহল ।।