Back

কঁহুৱা বন মোৰ অশান্ত মন

ভূপেন হাজৰিকা
December 1, 2014 · 1,564 views

কঁহুৱা বন মোৰ অশান্ত মন

আলফুল হাতেৰে লোৱা সাৱটি ।

এটি এটি ক্ষণ যেন মুকুতাৰে ধন

এনেয়ে হেৰুৱালে নাহে উভতি

নীলা আকাশৰ একোটি তৰা

হঠাতে খহি সাৱটে ধৰা

ঘিট্ মিট্ এন্ধাৰৰ নিমাত ৰাতি ।

অ’এটি এটি ক্ষণ যেন এটি এটি পণ

এনেই হেৰুৱালে নাহে উভতি ।

পুৱতি নিশাৰ সপোন দেখি

দেখিও নেদেখিলোঁ সেই ক্ষণটি

অনন্ত সময়ৰ সাগৰখনিৰ

চঞ্চল কোলাহলে ভাঙে ঘুমতি ।

অ’ বলিয়া মন কিয় উচাটন ?

কালিৰ সূৰুযে আনি দিব পুৱাটি ।