Back

কাক বুলিলোঁ

দিপেন বৰুৱা
July 8, 2016 · 2,130 views

(পু)

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা

চাই চাই বুলিবি বাট

আচহুৱা পিছল ঘাট

চাই চাই বুলিবি বাট

আচহুৱা পিছল ঘাট

ভৰি পিছলি পৰ জানো খোপনি নৰয়

জানো চকুপানী বয়

মাকন এবাৰ ভাবি চা

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা ।

(স্ত্ৰী)

কথা সলাইছে চা

কথা পকাইছে চা

আমি নেপাওঁহে যেনিবা বুজি

বেথা লগাইছে চা

বাগি মাৰিছে চা

কিনো মিছায়ে কিল খাই খুজি হে মাগিছা

বোলো কেনে ?

(পু)

হয়নে মানুহ মৰে কৈ

(আইকণ) চৰাই মৰে ৰৈ

মানুহ মৰে কৈ

(আইকণ) চৰাই মৰে ৰৈ

আগ গুনিবি পাছ গুনিবি

তেহে দিবি খোজ

কেলৈ হ’ৱ আঁকোৰগোজ

অ’ তেহে দিবি খোজ

কেলৈ হ’ৱ আঁকোৰগোজ ?

(স্ত্ৰী)

আয়ৈ কথা কৈছে চা !

(পু)

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাতো পা ৷

(স্ত্ৰী)

পখী বনৰীয়া

পাখি বৰণীয়া

দেখি ধৰি ৰাখিবলে মন

হাতো নেমেলিবা

মাতো নেমাতিবা

দেখি লেখি নেথাকিবা সোণ নেথাকিবা

বোলো কেনে ?

(পু)

(হয়নে) হাতো মেলা নাই

এইবাৰ মাতো মতা নাই

হাতো মেলা নাই

এইবাৰ মাতো মতা নাই

পখীৰ ৰূপ দেখি আমি ভোলো যোৱা নাই

আমাক নালাগে চৰাই

আমি ভোলো যোৱা নাই

আমাক নালাগে চৰাই !

(স্ত্ৰী)

আয়ৈ কেনে কৰে চা !

(পু)

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা

কাক বুলিলোঁ কোনে নিজে

গাত পাতি ল’লে চা

জালকে বুলিলে জকাই

এতিয়া মজাটো পা ।।