Back

কাষতে ক’লচি ল’ই

বিষ্ণুপ্ৰসাদ ৰাভা
November 6, 2015 · 3,958 views

কাষতে ক’লচি ল’ই

যাই অ’ ৰচকী বাই

ৰাঙঢালী ওঁঠেদি বনগীত এফাকি

জ্বলাই সুৱলা সুৰৰে এচাকি

কাষৰে ফুলনি উজ্বলাই ৰচকী বাই

যাই অ’ ৰচকী বাই

মলয়াৰ চুমাৰে ক’লা চুলিটাৰি

ভূতুৰা ৰেণুৰে ঢৌ শাৰী শাৰী

কাষৰে ফুলনি উজ্বলাই ৰচকী বাই

যাই অ’ ৰচকী বাই ।।