Back

কিয় ৰৈ ৰৈ কেতেকী

কমলানন্দ ভট্টাচাৰ্য্য
February 10, 2017 · 1,699 views

কিয় ৰৈ ৰৈ কেতেকী বিনা অ’

অমাতৰ মাত

তোৰে সমনীয়া

লগ চেমনীয়া

আহ উৰণীয়া

মেলি দিওঁ হাত

ৰ’দে বৰষুণে দুখ পাবি তাত ।

জোনবাই ধৰি দিম

সখি পাতি ওমলিম

শিতানতে শুব দিম

সোণৰ সঁজাত

চেনেহৰ চুমা দিম

পাখি হেঙুলীয়া গাত ।।