Back

কিয় চকুৱে চকুৱে চালা

চাৰু গোঁহাই
June 6, 2016 · 3,401 views

কিয় চকুৱে চকুৱে চালা

চাই কিবা জানো বুজি পালা

মই বহাগৰ ডেউকাত উৰা

তোমাৰে মনৰ বতৰা ।

মোক যি দেখিলা তুমি

ভিতৰখন নাচাবা জুমি

যোৱা বহাগৰে পৰা

মোৰ মন তোমাৰে ভৰা ।

মই জ্বলোঁ উমি উমি

নিজক লাগে তুমি তুমি

তুমি যে দূৰণিৰ তৰা

নেপাওঁ মই নামনিৰ পৰা ।।