Back

কুৰুৱা বতাহে

বিষ্ণুপ্ৰসাদ ৰাভা November 6, 2015 1,814 views

কুৰুৱা বতাহে অ’

জোৰকৈ বলিলে অ’

চিঞৰি মাতিলে অ’ ঊষা

অ’ ঊষা অ’ ঊষা অ’

পুৱতি নিশাৰে অ’

তৰাৰে চাকিৰে

শলিতা এদালি নিজানতে জ্বলি

ঢিমিকি ঢিমিকি খীণকৈ জিলিকি

মেলানি মাগিলে অ’ ঊষা

বৰনৈ বালিতে অ’

চৰাই উলাহতে

উমলি উমলি জোকাৰি উৰুলি

নামকে হৰিলে অ’ ঊষা

অ’ ঊষা অ’ ঊষা অ’ ।।