Back

কোন ক’ত আছ

জ্যোতিপ্ৰসাদ আগৰৱালা September 5, 2015 4,699 views

কোন ক’ত আছ

আহ অ’ ডেকা ল’ৰা

তই সমুখত হ’ থিয়

মাতৃ পূজাৰ ভাগ ল’বলৈ দেৰি কৰ কিয় ?

শুৱনি প্ৰকৃতি শুৱাই থকা

অসম দেশৰে ছোৱালী অ’

তই পাছে পৰি পৰি থাক কিয় ?

অসম দেশৰে ছোৱালী অ’

ভাৰত বৰিষ বিয়পি জ্বলিছে

যুঁজৰ অগনি শিখা

অসমীয়া তই টোপনি নেৰিবি

কিনো ভাইগৰ লিখা ।।