Back

কৌটিপতি

বাবু
March 18, 2016 · 3,608 views

কৌটিপতি হ’বলৈ মন যায়

জোনটি কিনিবলৈ

বৰ বিলাসী হ’বলৈ মন যায়

তোক আনিবলৈ ।

আমেৰিকা লণ্ডন পেৰিছ

যাম ঘূৰিবলৈ

কৌটিপতি হ’বলৈ মন যায়

জোনটি কিনিবলৈ

বৰ বিলাসী হ’বলৈ মন যায়

তোক আনিবলৈ ।

লাখে লাখে টকা লাগে

লাগে বাংলা মটৰ গাড়ী

থাকে যদি পকেট খালী

নচলে চোন প্ৰেমৰ গাড়ী ।

তু আগে মে তেৰে পিছে

প্ৰেমে হিয়া আগুৰিছে

তোকে পাবলৈ

কৌটিপতি হ’বলৈ মন যায়

জোনটি কিনিবলৈ

বৰ বিলাসী হ’বলৈ মন যায়

তোক আনিবলৈ ।

চিনেমা চাম থিয়েটাৰ চাম

কাষত বহি ভেল-পুৰি খাম

লাজে লাজে ওচৰ চাপি

মৰমেৰে তোকেহে চাম ।

তু ৰাণী মে তেৰা ৰাজা

ভাবিয়ে লাগিছে মজা

হ’বনে সঁচা ?

কৌটিপতি হ’বলৈ মন যায়

জোনটি কিনিবলৈ

বৰ বিলাসী হ’বলৈ মন যায়

তোক আনিবলৈ ।।