Back

গছে গছে

জ্যোতিপ্ৰসাদ আগৰৱালা
May 27, 2022 · 2,493 views

(কোনে) গছে গছে পাতি দিলে

ফুলৰে শৰাই (ৰাম ৰাম)

ফুলৰে শৰাই, ফুলৰে শৰাই,

ফুলৰে শৰাই ।

কলীয়া ভোমোৰা, গুঞ্জৰি আহে

গোন্ধকে ধিয়াই (ৰাম ৰাম)

গোন্ধকে ধিয়াই, গোন্ধকে ধিয়াই,

গোন্ধকে ধিয়াই

কোনে গোলাপী সখীক

এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই ?

কোনে গোলাপী সখীক

এনে হাঁহি দিলে

ৰূপতে ৰঙে চৰাই ?

ওৰণি তলতে পৰিমল ৰেণু

উৰুৱাই পৱনে দিলে বিলায়

ওৰণি তলতে পৰিমল ৰেণু

উৰুৱাই পৱনে দিলে বিলায় ।

গছে গছে পাতি দিলে

ফুলৰে শৰাই (ৰাম ৰাম)

ফুলৰে শৰাই, ফুলৰে শৰাই,

ফুলৰে শৰাই ।।