Back

গধূলি আহিল

নিৰ্মলপ্ৰভা বৰদলৈ
March 1, 2016 · 1,393 views

গধূলি আহিল তৰা জিলিকিল

এধানি নিয়ৰত গধূলি গোপালে

উজ্বলি উঠিল ।

জোনৰে পানচৈ ঘাটতে চাপিল

চিকুণে চেনেহত তোমাৰে কাষলে

মনটি উৰিল ।

জোনাকৰে ৰাগি বতাহত বিয়পিল

ফুলৰে পাহিতে তোমাৰ হাঁহিতে

দেখা যেন লাগিল ।

জোনৰে পানচৈ ...

ৰিণিকি ৰিণিকি তোমাৰে মাতটি

দূৰণি সৰকি ৰাতিৰে বাঁহীতে

শুনা যেন লাগিল ।

মনৰে লিহিৰি বনৰে সুহুৰি

তোমাকে ধিয়াই বুজনি আগচি

উৰা যে মাৰিল ।।