Back

গধূলি আহিল তৰা জিলিকিল

নিৰ্মলপ্ৰভা বৰদলৈ January 10, 2022 2,526 views

গধূলি আহিল তৰা জিলিকিল

এধানি নিয়ৰত গধূলি গোপালে

উজ্বলি উঠিল ।

 

জোনৰে পানচৈ ঘাটতে চাপিল

চিকুণে চেনেহত তোমাৰে কাষলে

মনটি উৰিল ।

জোনাকৰে ৰাগি বতাহত বিয়পিল

ফুলৰে পাহিতে তোমাৰ হাঁহিতে

দেখা যেন লাগিল ।

 

জোনৰে পানচৈ ...

 

ৰিণিকি ৰিণিকি তোমাৰে মাতটি

দূৰণি সৰকি ৰাতিৰে বাঁহীতে

শুনা যেন লাগিল ।

মনৰে লিহিৰি বনৰে সুহুৰি

তোমাকে ধিয়াই বুজনি আগচি

উৰা যে মাৰিল ।।