Back

চকুৰ পানীৰে এগছি চাকি

মিন্টু কুমাৰ নাথ
November 13, 2021 · 3,652 views

চকুৰ পানীৰে এগছি চাকি জ্বলালো তোমালে বুলি

জ্বলালো তোমালে বুলি

স্মৃতি বুটলি

দুহাত সাবটি

আঁকিলো তোমাৰে ছবি

মনৰে ফুলনি সাঁজি।

উকা দুহাত আৰু

উকা এই মন,

নোৱাৰি থাকিব জানা

এটি এটি ক্ষণ

সময়ে জানা

দিয়ে প্ৰেৰণা

আশা নিৰাশাৰে খেলা

চাবলে নোৱাৰি জানা।।