Back

চিত্ৰলেখা নাচোন নাচে

বিষ্ণুপ্ৰসাদ ৰাভা
October 31, 2015 · 2,480 views

চিত্ৰলেখা নাচোন নাচে

কুমৰৰ পাশে

নানা ধৰণে নটী নাচোন নাচে ।

ক্ষণে উঠে ক্ষণে বসে

তালে দিয়া মান, হে ৰাম -

মধুমাসে মৌৰা যেন

ধৰিছে পেখ্​ম, হে ৰাম

শূন্যত নাচ নাচি

পৰম হৰিসে

বৰণ মধুৰ যেন অমৃত বৰিষে

কণ্ঠি লৰে হাত লৰে

ককালত জেঠিহে ৰাম

দশো আঙুলিত দোলে

সোণাৰ আঙুঠি

চিত্ৰলেখ‌ নাচে যে

হংসিনী উৰয়

সেহিনা ৰূপত চিত্ৰে

কুমৰ হৰয় ।।