Back

জননী মোৰ পূজাৰে মন্দিৰ শুদা

জ্যোতিপ্ৰসাদ আগৰৱালা
September 6, 2015 · 3,937 views

জননী মোৰ পূজাৰে মন্দিৰ শুদা

জাগা জননী মোৰ মৰণ মুগ্ধা

স্বৰ্ণ অনল দগ্ধা

জাগা জাগা

চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা

স্তব্ধ প্ৰশান্ত নীৰৱতা ভেদি

জাগা জাগা

অন্তৰবাসিনী জাগা

জননী গোঁসানী মোৰ জাগা জাগা

বিকশিত জীৱনৰ পদুমৰ আসনতে

জননী মোৰ জাগা

কৃষ্ণ কমল পদ সূতা অপৰূপা

মৰণ আলোকদীপ্তা

জাগা জননী মোৰ মৰণ মুগ্ধা ।।