Back

জিলমিল সোণোৱালী দিন

হেমেন হাজৰিকা
September 2, 2019 · 1,400 views

জিলমিল সোণোৱালী দিন

সেই দিনবোৰ হ’ল নে লীন

বিলীন হ’লো নে মই - অ’ সময় ।

এই হিচাবৰ তহবিল শূন্য 

নাই পাপ, নাই পুণ্য

তথাপিও ধন্য নহ’লো মই

অ’ সময় সুখময় দুখময় ।

মোৰ অতীত মধুৰ সুমধুৰ

বৰ্তমান বৰ গধুৰ

ভৱিষ্যত ভবিতব্য বুলি

গুণী জ্ঞানী জনে কয়

অ’ সময় নীলিময় ।

সেয়ে, চিঞৰি চিঞৰি মাতিছো

সুঁৱৰি সুঁৱৰি দহি দহিছো

এই দহন বৰ জ্বালাময়

অ’ সময় নীলিময় মৃন্ময় ।।