Back

জিৰ জিৰ নিজৰি

জ্যোতিপ্ৰসাদ আগৰৱালা
September 6, 2015 · 1,622 views

জিৰ জিৰ জিৰ জিৰ

জিৰ জিৰ তাতে নিজৰি

জিৰ জিৰ নিজৰি অ’

টুল বুল টুল বুল কৈ

হালধীয়া সৰাপাতৰ নাওখনি

গৈ গৈ গৈ

আমাৰ মৰম এ ভৰা লৈ ।

ভৈয়ামৰ ধাননি

বোলালে ঐ

সোণালী কৈ

জিৰ জিৰ নিজৰি ঐ ।

মৰমৰ বতৰা লৈ

বৈ থাক বৈ থাক

ৰৈ ৰৈ ৰৈ ।।