Back

জীৱনটো যদি অভিনয় হয়

ভূপেন হাজৰিকা
May 5, 2024 · 1,769 views

জীৱনটো যদি অভিনয় হয়

যদি অভিনয়তে মৰম ৰয়

সেই মৰমৰ দাম কিমাননো ?

আকাশ এখিলা যদি কাগজ হয়

আৰু জোনটো যদি আচল নহয়

সেই জোনাকৰ ৰহন কিমাননো ?

বুজিও নুবুজা হৈ আমি

ভুলকে ভাল বুলি বোটলোঁ কিয় ?

বাহিৰে ৰং চং দেখি আমি

কোৱাভাতুৰীকে আদৰোঁ কিয় ?

সেয়ে ক্ষণে ক্ষণে

কান্দো মনে মনে

নিচুকাব নিতৌ কোননো ?

বহুৱা সাজি সাজি আমি

মিছা মৰমতে সাঁতোৰোঁ কিয় ?

তপত মৰুভূমিতে আমি

মিছা মৰীচিকা খেদোঁনো কিয় ?

সেয়ে কতজনে

নিতে নিতে গণে

পৃথিৱীত সুখী কিমাননো ?