Back

জীৱনৰ লগন

নিৰ্মলপ্ৰভা বৰদলৈ July 17, 2023 2,044 views

জীৱনৰ লগন কৰা অনুপম

প্ৰতিটো প্ৰহৰ তুমি পূৰ্ণ কৰা

হাঁহিৰ সুৰভিৰে মনৰ সাহসেৰে

অশ্ৰু বিন্দুবোৰ মুক্তা কৰা ।

 

যাতনাৰে কাঁইটীয়া এই পৃথিৱীতে

শূন্য শূন্য লগা মৰুৰ বুকুতে

উচুপি উঠে জীৱনে

মিঠা মৰমেৰে জীৱনৰ সুবাসেৰে

হৃদয় পাত্ৰটি পূৰ্ণ কৰা

ধৰাৰ ধূলিকে তুমি পূৰ্ণ কৰা ।

 

নোপোৱা নোপোৱা পৰিৱেশতে

অস্থিৰ অশান্ত এই যুগতে

উচুপি উথে জীৱনে

আশাৰ পোহৰেৰে অলপ বিশ্বাসেৰে

ৰিক্ত প্ৰহৰ তুমি পূ্ৰ্ণ কৰা

জীৱন বোধেৰে মন সিক্ত কৰা

জীয়াই থকাৰ যাদু বিচাৰি লোৱা ।।