Back

জোনাক গলা

জুবিন গাৰ্গ
August 17, 2020 · 2,173 views

জোনাক গলা জাৰৰ নিশা

মূৰ থৈ শেঁতা শেতেলিত

গণি গণি আঙুলিৰ মূৰত

আছে কিমান চকুৰ পানী ?

সুখৰ চিকুণ মণি

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

জোনাক গলা জাৰৰ নিশা

মূৰ থৈ শেঁতা শেতেলিত ...

গলি গলি প্ৰতিদিনে

পলে পলে জীৱন গলে

কতনো বিচাৰিবি কৰুণাৰ হাত

কতনো বিচাৰিবি কৰুণাৰ হাত ?

বিচাৰি ফুৰিম প্ৰতিদিন, প্ৰতিদিন

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই ।

মৰম চেনেহ তেনেই তাকৰ

নীলিম তোমাৰ চকুৰ বাখৰ

মৰম চেনেহ তেনেই তাকৰ

নীলিম তোমাৰ চকুৰ বাখৰ

পোহৰাবানে আহি খিৰিকী মুখৰ তৰাটি হৈ, তৰাটি হৈ

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই ।

জোনাক গলা জাৰৰ নিশা

মূৰ থৈ শেঁতা শেতেলিত

গণি গণি আঙুলিৰ মূৰত

আছে কিমান চকুৰ পানী ?

সুখৰ চিকুণ মণি

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

মই ভাগৰা নাই

জীৱন হেৰুৱা নাই

জীৱন হেৰুৱা নাই

জীৱন হেৰুৱা নাই ।