Back

জোনোৱালী নিশাৰ

জ্যোতিপ্ৰসাদ আগৰৱালা September 6, 2015 3,849 views

জোনোৱালী নিশাৰ

ৰূপোৱালী পোহৰে

চকুৰ পাহিত

কাৰ ছবি আঁকি যায় ?

জিক্​মিক্ জিক্​মিক্

কাৰ সোণ পখিলাই

নাচি নাচি আহি

ৰুণুকজুনুককৈ

নূপুৰ বজায় ।

পাখি কৰে ৰুণ্ ৰুণ্

গান গায় গুণ্ গুণ্

হাঁহি হাঁহি দেখুৱাই

অঁকাবকা চকামকা

ৰঙা সপোন ।।