Back

জয় ৰূপমুগ্ধ

জ্যোতিপ্ৰসাদ আগৰৱালা
September 6, 2015 · 5,058 views

জয় ৰূপমুগ্ধ

জয় সুৰমুগ্ধ

জয় জয় অৰূপজ ৰূপকুমাৰ

ৰূপে ৰসে

গন্ধে বৰ্ণে গানে

সুৰ লয় তালে মানে

লোৱা লোৱা

প্ৰাণৰে পূজাৰ

ষোড়শোপচাৰ

জয় জয় অৰূপজ ৰূপকুমাৰ ।।