Back

টিলাই টিলাই

বিষ্ণুপ্ৰসাদ ৰাভা
December 11, 2017 · 1,290 views

টিলাই টিলাই

ঘূৰি ফুৰে উলাহেৰে

খাম্​টি ছোৱালী ।

ঘন কলীয়া মেঘৰে

আঁৰে আঁৰে

ৰং মনৰে খেলি ফুৰে

নাচনী বিজুলী ।

টিলাই টিলাই ...

বনৰে বনৰীয়া

দেখাতে ধুনীয়া দেখি

থমকি থমকি নাচে তাই

টিংতে উজ্বলি ।

টিলাই টিলাই ...

পোৱালৰ ৰঙা মণি

তাইৰে গাল দুখনি

বুকুত লৰি আভা ঢালি

কৰে ৰাঙলী 

লাজতে লাজুকী তাই

মিচিকি হাঁহিৰে তাই

দুটি নয়নৰ পাহি মেলি

খাম্​টি ছোৱালী ।

কাষ চাপোতেই

তাৰে বুকুত পৰে ঢলি

খাম্​টি ছোৱালী ।

টিলাই টিলাই ...