Back

তেজ ৰাঙলী শোণিতপুৰী

বিষ্ণুপ্ৰসাদ ৰাভা
November 7, 2015 · 4,528 views

তেজ ৰাঙলী শোণিতপুৰী

গঢ়িলোঁ তেজেৰে

হৃদয় ফালি শোণিত ঢালি

ৰঙা টোপালেৰে ।

কুমলীয়া দেহাৰ ভেটিত

তুলি গড় অগনিৰ

প্ৰণয় চাকিৰ প্ৰেম শলিতাৰ

জ্বালি দীপ-দীপালীৰ

বান্ধি কাৰেং সজালোঁ মোৰ

ৰঙা পোৱালেৰে ।

পূবৰ তোৰণ ভাঙি আনিম

ৰূপহী সোণালী ঊষা

সজাম পৰাম আলোকেৰে

জ্বালিম প্ৰণয় শিখা ।

চুকত বহি বজাম বীণ

দেৱী পত্ৰ লেখি

কাচোন কাচি নাচোন নাচি

নাচিম চিত্ৰলেখি

হৃদয় বেইত ধোৱাম প্ৰিয়াক

লোহিত ঢলেৰে । ।