Back

তেজৰ বোলেৰে

বিষ্ণুপ্ৰসাদ ৰাভা December 3, 2015 1,630 views

তেজৰ বোলেৰে লিখি যাম ইতিহাস

মছি যাম দীন সমাজৰ হীন পৰিহাস

কত ছহীদৰ দুখৰ জীৱনী লিখা

কত ব্যথিতৰ বেদনাৰ ছবি অঁকা

পৃথিৱীৰ চিৰ মুকুতিৰ পথ ৰেখা

ৰচি যাম বহু শোষিতৰ হা-হুতাশ ।

 

ধৰণী কোলাত ৰঙা পোৱালেৰে গুঁথি

কলিজা নিঙাৰি তেজৰ টুপিৰে মথি

গঢ়ি যাম চিৰ সুখৰ সৰগ তুলি

জেউতিৰ নৱ জিলিকণি দিম মেলি ।

 

গাম পীড়িতৰ চিৰ বিজয়ৰ গান

ফিৰাই আনিম দলিতৰ সন্‌মান

মৰা জগতৰ হৃদয়ত ঢালি প্ৰাণ

আনিম ধৰাত চিৰ শান্তিৰ আভাস ।

 

গঢ়ি যাম নৱ জীৱনৰ নৱ ৰবি

নৱ সমাজৰ নবীন সেউজী কবি

গাই যাম নৱ পৃথিৱীৰ জয় গান

ফিৰাই আনিম দলিতৰ সন্‌মান

নৱ মানৱত ছটিয়াম নৱ প্ৰাণ

আনিম ধৰাত চিৰ শান্‌তিৰ আভাস ।