Back

তোমাৰ বাবেই আছো মই

মিণ্টু কুমাৰ নাথ June 24, 2019 2,952 views

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচোঁ

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচোঁ

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

ডাৱৰে আৱৰা

আজি জোনাক

জোন তৰাও আঁতৰি গ’লে

মন মোৰো যেন আগচি ধৰে

দুখ বেদনাই উপচি পৰে

তুমি যেন আহিবা

কাষলে মাতিবা

মোৰ পৰাণতে দিবা চুমা ।

 

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ...

 

দুখৰ ছাঁয়াবোৰ আঁতৰি ল’ব

জোন তৰাও মুকলি হ'ব

জোনাকত আশায়ে জিলিকিব

দুয়ো উঠ হাঁহিৰে বিৰিঙিব

তুমি যেন আহিবা

কাষলে মাতিবা

মোৰ পৰাণতে দিবা চুমা

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।

 

তোমাৰ বাবেই আছো মই

নিৰবতাকে সাবতি লৈ

নিৰাশাৰে সপোন ৰচো

আশাৰ বালিঘৰ মই সাজোঁ

এছাটি প্ৰলয়ৰ

ধুমুহাই আহি

উৰুৱাই নিলে মোৰ

উৰুঙা পজাঁ

উটুৱাই দিলে ঘৰ

বালিৰে সঁজা

মন বিষাদে ভৰা

কিয় আমনি কৰা ।