Back

তৰা অ’ তৰা

আচুৰ্য্য বৰপাত্ৰ
June 3, 2016 · 4,504 views

অ’ অ’ অ’ ...

তৰা মোৰ তৰা

আহি ৰাতি ৰাতি ঐ

তৰা মোৰ তৰা

এটি চুমা আঁকি ঐ

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।

(মোৰ) তৰা মোৰ তৰা ...

লা লা লা ...

তৰা ঐ

আয়ে থোৱা হ’লে

আঙুঠি সোণৰে

পিন্ধালোঁহেঁতেন গৈ

তোমাক বিয়াৰে দিনতে

যদিও মই ধনৰে দুখীয়া

পিছে মৰম আকলোৱা

মোৰ সপোনৰ সজাতে

তুমি ওমলি থাকিবা

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।

লা লা লা ...

তৰা ঐ

ৰাতিপুৱা হ’লে জগাবা

আহি মৰমেৰে

হেঁপাহৰ আমাৰে এখনি ঘ‌ৰ সজাবা

আহি মৰমৰে

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।।