Back

দুখৰ ৰাতিটো যেন

জিতুল সোণোৱাল
July 31, 2015 · 1,756 views

দুখৰ ৰাতিটো যেন

নোযোৱা নোপোৱা

দেহা মোৰ ভাগৰুৱা

দেহা মোৰ ভাগৰুৱা

জোন গ’লা গধূলিতে

ক্ষণ হ’ল আধৰুৱা ...

দুখৰ ৰাতিটো যেন

নোযোৱা নোপোৱা

দেহা মোৰ ভাগৰুৱা

দেহা মোৰ ভাগৰুৱা ।

বুকুৱে দি বৈ থকা তোমাৰ মৰম নদী

এতিয়া তৃষা নদী হ’ল

হেঁপাহে গভীৰ কৰা তোমাৰ চকুৰ ভাষা

মোৰো যে জীৱন আশা হ’ল

পথে পথে তোমাকেই সোঁৱৰি

আছো সোঁৱৰণীত ফুল বুটলি

সুবাসে মন জুৰুৱা ...

সুবাসে মন জুৰুৱা

দুখৰ ৰাতিটো যেন 

নোযোৱা নোপোৱা

দেহা মোৰ ভাগৰুৱা

দেহা মোৰ ভাগৰুৱা ।

ছাঁ পোহৰৰ খেলা কত গোপন খেলা

এতিয়া যে তোমাৰ লগৰী হ’ল

আল ফুলে তুলি লোৱা এটি দুটি হাঁহি বোৰ

এতিয়া উশাহত বাগৰি গ’ল

পাইও হেৰুৱাৰ অৱসাদে

তন্দ্ৰাবিহীনতা আনে

দুচকু কৰি ভাগৰুৱা ...

দুচকু কৰি ভাগৰুৱা

দুখৰ ৰাতিটো যেন

নোযোৱা নোপোৱা

দেহা মোৰ ভাগৰুৱা

দেহা মোৰ ভাগৰুৱা

জোন গ’লা গধূলিতে

ক্ষণ হ’ল আধৰুৱা ...

দুখৰ ৰাতিটো যেন

নোযোৱা নোপোৱা

দেহা মোৰ ভাগৰুৱা

দেহা মোৰ ভাগৰুৱা ।