Back

দুহাততে দিছা

ডলি ঘোষ
May 29, 2017 · 2,327 views

ওঁ হো.... (আলাপ)

ওঁ হো.... (আলাপ)

দুহাততে দিছা মোক ফুল

ভাষা নাই মোৰ ওলগৰে ।

জীৱনত দিছা শুভাশিষ

পাহি মেলি যেন উৰিবলে

পাহি মেলি যেন উৰিবলে ।

বৰ ভাল লগা, গভীৰ মৰম

অৰ্থময় হ’ল এধানি জীৱন ।

দিছাহি বাতৰি, শিহৰণ আছে

দিছাহি বাতৰি, বহু ৰং আছে ।

মোহনীয়া জোনাকী মৰম

কিযে অপৰূপ হৃদয়ৰে

কিযে অপৰূপ হৃদয়ৰে ।

মই এটি জুৰি বনৰে বুকুত

বৈ যাব খোজোঁ সাগৰ ধিয়াই

মই এটি জুৰি বনৰে বুকুত

বৈ যাব খোজোঁ সাগৰ ধিয়াই ।

কত জান-জুৰি বাটতে হেৰাল

কত ফুল কলি নুফুলি শুকাল

মোহনীয়া জোনাকী মৰম

কিযে অপৰূপ হৃদয়ৰে

কিযে অপৰূপ হৃদয়ৰে ।

দুহাততে দিছা মোক ফুল

ভাষা নাই মোৰ ওলগৰে

ভাষা নাই মোৰ ওলগৰে ।