Back

দুৰ্যোগ লগ্নৰ দেখো হাঁহাকাৰ

উপেন কাকতি
June 25, 2014 · 1,865 views

দুৰ্যোগ লগ্নৰ দেখো হাঁহাকাৰ

হেৰৌ বলিয়া বৰ নৈ হ’লি দুৰাচাৰ

ৰাইজক সাৱটিম কণ্ঠৰ সুৰেৰে

ৰুধিবই লাগিব গতি দুৰ্বাৰ ।

ধৰমৰ নামঘৰ যাঠি ব্যভিচাৰ

পথাৰৰ লখিমী কৰি ছাৰখাৰ

হাঁহিছ কিয়নো হাঁহি কংসৰ

আজি তোকেই ৰুধিবলৈ

মাৰি যাওঁ ডাৰ ।

সৃষ্টিয়ে অনাচাৰ কৰে ছাৰখাৰ

কিমান সহিম আৰু শত হাঁহাকাৰ

বানতেই উটি যাব কৃষ্টিৰ পানচৈ

দুৰাচাৰ কংসই পাব মাধমাৰ ।

মহাকাল স্তব্ধ গীতিয়ে হিয়াৰ

দুপাৰত জিলিকিব হাঁহিৰে অপাৰ

নাচি নাচি উটি যাব তৰী সময়ৰ

আঁতৰিব ক’লা মেঘ ৰাতি তমসাৰ ।।