Back

নতুন পুৰুষ

ভূপেন হাজৰিকা
March 5, 2017 · 1,667 views

নতুন পুৰুষ নতুন পুৰুষ

তুমিতো নোহোৱাঁ আৰু ভীৰু কাপুৰুষ

হাতে কামে আজি যদি নোহোৱা পুৰুষ

কাইলৈ হʼবা তুমি পুৰণি পুৰুষ

নতুন পুৰুষ নতুন পুৰুষ ...

অগণন উজ্জ্বল ডেকা সু-পুৰুষ

আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানসপটত আজি জিলিকি উঠে

সেয়ে মোৰ মৰমৰ নতুন পুৰুষ

নতুন পুৰুষ নতুন পুৰুষ ...

যুগে যুগে যুগৰ দাবী কঢ়িয়াই

নতুন নতুন পুৰুষ আহিলে

নোপোৱাৰ বেদনাক ধ্বংস কৰিব বুলি

দেশৰেই ধৰণী কঁপালে ।

মহা মহা পুৰুষৰ মহাবাটত

কিছু নতুনেও খোজ পেলালে

পিছে মহাবাটেও দেখোঁ অৱশেষত

আওবাটে গতি সলালে ।

অগণন উজ্জ্বল ডেকা সু-পুৰুষ

আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানসপটত আজি জিলিকি উঠে

সেয়ে মোৰ মৰমৰ নতুন পুৰুষ

নতুন পুৰুষ নতুন পুৰুষ ...

কিছু নতুনেও নিজৰ বাটত

হয়তোবা উজুটিহে খালে

উজুটিৰ আঘাতৰ তেজ মচি লৈ

হাঁহি হাঁহি পুনু আগুৱালে ।

ভুলেই হওঁক ভালেই হওঁক

নতুন নতুন পুৰুষে

নিজেই ঠেকি শিকিলে

হাত সাৱটি থকা কাপুৰুষে

তাকে দেখি প্ৰমাদ গণিলে 

নতুন পুৰুষ নতুন পুৰুষ ...

মুকুতিৰ চিন্তাক যেতিয়া আৱৰে

পুৰণি চিন্তাৰ মকৰা জালে

নতুন পুৰুষে নিয়ে সমাজ গতিক

নতুন নতুন পন্থাৰ ফালে

অগণন উজ্জ্বল ডেকা সু-পুৰুষ

আৰু আশা ভৰা দৃষ্টিৰ গাভৰুৰ মুখ

মানসপটত আজি জিলিকি উঠে

সেয়ে মোৰ মৰমৰ নতুন পুৰুষ ।।