Back

নমো মাতৃ অসমা

জুবিন গাৰ্গ
February 14, 2017 · 1,275 views

আলাপ...

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা

অমলা/কমলা ধৱলা সৱলা, সূৰ্য্য কৰোঁ উজ্জ্বলা

সুজলা সুফলা শ্যামলা, সুজলা সুফলা শ্যামলা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

নদী গিৰিমালা শোভিতা, সুহাসিনী বিশ্ব বন্দিতা

নদী গিৰিমালা শোভিতা, সুহাসিনী বিশ্ব বন্দিতা

বিচিত্ৰ বৰ্ণা পুষ্পিতা, বিচিত্ৰ বৰ্ণা পুষ্পিতা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

শত সতী বীৰ প্ৰসৱা, ঐশৰ্য্যশালিনী বিভৱা

শত সতী বীৰ প্ৰসৱা, ঐশৰ্য্যশালিনী বিভৱা

স্বৰ্ণ শস্য প্ৰসৱা, স্বৰ্ণ শস্য প্ৰসৱা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

শংকৰ মাধৱ জয়া মূলাৰ জননী

শংকৰ মাধৱ জয়া মূলাৰ জননী

বীৰ প্ৰসৱিনী স্বৰ্ণ প্ৰসৱা, বীৰ প্ৰসৱিনী স্বৰ্ণ প্ৰসৱা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা

নমো নমো মাতৃ অসমা, অনন্ত ৰত্ন সম্ভৱা

নমো মাতৃ অসমা, নমো মাতৃ অসমা ।।