Back

নিচলা আইৰে

বিষ্ণুপ্ৰসাদ ৰাভা
November 7, 2015 · 3,232 views

নিচলা আইৰে

আমি খাটি অসমীয়া

অসমী আইৰে আমি

ছোৱালী ধুনীয়া

ধৰণী শুৱাই থকা

অতি মোহনীয়া ।

খোপাত কপৌফুল

হাতত জেতুকাৰ বোল

মুখত কিহৰ বোল

সজোৱা বোলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।

কবিতাৰে মোহচন্দ

পাহৰি পেলোৱা অ’

পাহৰি পেলোৱা

বিলাসিনীৰ বেশ ধৰি

অগনি জ্বলোৱা অ’ জ্বলোৱা

বিজ্ঞান প্ৰজ্ঞান লৈ

আগবাঢ়ি যোৱা ।।