Back

নিবিড় বনে যে মাতিছে যা

নিৰ্মলপ্ৰভা বৰদলৈ
January 1, 2024 · 1,210 views

নিবিড় বনে যে মাতিছে যা

যা যা দূৰণিলৈ

হেৰোৱা সুবাসে মাতিছে যা

নিবিড় বনে যে মাতিছে যা

যা পখী দূৰণিলৈ

হেৰোৱা সুবাসে মাতিছে যা

সোণৰে সঁজাটি এৰি তই যা ।

যা নীলিম আকাশলৈ

সোণালী ৰ’দে যে মাতিছে যা

জোনৰে জোনাকে মাতছে যা

যা নীলিম আকাশলৈ ।

শ্যামল শোভাই সানিব ৰং

অৱসাদে কৰে ধূসৰ মন

মৰুত হেৰোৱা জীৱন নদীক

বনৰ জুৰিয়ে দিবহি গতি

জীৱন মায়াৰে প্ৰাণৰ সুৰভি

বনতে বিচাৰি

কঠিন শিকলি ছিঙি দি যা ।

দূৰৰ পাহাৰে দিব যে পণ

ভীৰুতাৰে কিয় ভাঙিবি মন

জীৱন মায়াৰে প্ৰাণৰ সুৰভি

মহুৱা বনতে

আকাশে বতাহে বিচাৰি যা ।।