Back

নূপুৰে মাতে ৰুণ্ জুন্

জ্যোতিপ্ৰসাদ আগৰৱালা
November 13, 2019 · 2,454 views

নূপুৰে মাতে ৰুণ্ জুন্

নূপুৰে মাতে ৰুণ্ জুন্

নূপুৰে মাতে ।

সখী যাবৰ বেলি

আমাৰ হিয়াখনি 

বিষাদে ছাটে ।

চলে চলি চকুতে

সখী চকুপানী নাটে ।

যোৱা সখী দিছোঁ বিদায়

মনতে ৰাখিবা সদায়

এৰানো কি স’তে

সখী এৰানো কি স’তে ।।