Back

নয়নৰ চকুলো লৈ

বিষ্ণুপ্ৰসাদ ৰাভা November 7, 2015 3,271 views

নয়নৰ চকুলো লৈ

চোৱা কিয় মুখলৈ

কৰুণ অৰুণ আঁখি

বিষাদ পাহিৰে ঢাকি

আছা কিয় তাতে ৰৈ ?

ডকা চাকনৈয়া আনি

নিশাৰে কালিমা সানি

নোবোৱাবা লোৰ নৈ ।।